Share and Enjoy !

Shares

ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি ধুবুৰীত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

‘ভোট চোৰ, গাদ্দি ছোৰ’ শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক আমিনুল ইছলাম আৰু ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে। তেওঁলোকৰ লগতে পাঁচ শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰে।

নিৰ্বাচনী অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি কংগ্ৰেছৰ এই প্ৰতিবাদে ধুবুৰীৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱ লোকসভৰ উপ-নিৰ্বাচনতো ভোট চুৰিৰ অভিযোগ তোলে প্ৰাক্তন বিধায়ক তথা ধুবুৰী জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক আমিনুল ইছলামে

Leave a Reply

Your email address will not be published. Required fields are marked *