Share and Enjoy !

Shares

ঘাতক ঘনকান্ত গগৈৰ সাউকুছিৰ ভাৰাঘৰত আৰক্ষীৰ অভিযান। লতাশিল থানাৰ পৰা পুৱাই ঘনকান্তক লৈ যোৱা হয় সাউকুছিৰ ভাৰাঘৰলৈ।

বৃহস্পতিবাৰে পল্টন বজাৰ থানাৰ পৰা লতাশিল থানালৈ নিয়া হৈছিল ঘনকান্তক।নিশাও কেইবাঘণ্টা ধৰি জেৰা চলিল ঘনকান্তৰ। জেৰা চলাইছিল DCP সম্ভাৱী মিশ্ৰা আৰু ADCP ভিকু আচুমীয়ে।

সোমবাৰে নিশা ৯ বজাত হোটেল বিলাস ইনত ঘনকান্ত গগৈয়ে গুলীয়াই হত্যা কৰিছিল ৫জন লোকক। নিশা প্ৰায় ১০ বজাত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘাতক ঘনকান্তক।ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে ৬জনীয়া SIT গঠন কৰি তদন্ত অব্যাহত ৰাখিছে। যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত গঠন কৰা SITত মুঠ ৬গৰাকী আৰক্ষী বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *