Share and Enjoy !

Shares

শ্ৰীভূমি জিলাৰ শনবিলত চাঞ্চল্যকৰ ঘটনা। ইনষ্টাগ্ৰামত নিজৰ পৰিচয় গোপন কৰি নিজকে সুমন ৰায়’ বুলি পৰিচয় দি এগৰাকী নাবালিকা কিশোৰীক প্ৰেমৰ জালত পেলোৱাৰ অভিযোগ আছকৰ আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, ভুৱা পৰিচয়ৰ আঁৰত কিশোৰীগৰাকীক প্ৰলোভিত কৰি ঘৰৰ পৰা মাতি আনি জোৰপূৰ্বক বহিঃৰাজ্যলৈ লৈ যায় অভিযুক্তই। তাত কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ পিছত ৰে’লত উঠাই ঘৰলৈ পঠিয়াই দিয়ে বুলি অভিযোগ উঠিছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ শনবিল অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সামাজিক মাধ্যম ইনষ্টাগ্ৰামত নিজকে সুমন ৰায় বুলি পৰিচয় দি আছকৰ আলীয়ে নাবালিকাগৰাকীৰ সৈতে চিনাকি গঢ়ি তোলে। ক্ৰমাৎ সম্পৰ্কৰ জাল বিস্তাৰ কৰি কিশোৰীগৰাকীক ঘৰৰ পৰা উলিয়াই লৈ যায় তেওঁ। ইয়াৰ পিছতে জোৰপূৰ্বক বহিঃৰাজ্যলৈ লৈ গৈ তেওঁৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

ঘটনাক লৈ আৰক্ষীৰ ভূমিকাক লৈও তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়ালৈকে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উঠিছে। এগৰাকী নাবালিকাৰ সৈতে এনে গুৰুতৰ ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীৰ এই নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইফালে, অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। অহা ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পথ অৱৰোধ কৰি বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *