পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চানডুবিৰ সমীপৰ গুটিপথাৰত মৰ্মান্তিক ঘটনা। সোমবাৰে সন্ধিয়া এডাল মৰা শালগছ বাগৰি কৰুণ মৃত্যুক সাবটি লয় পিতা-পুত্ৰই।
স্কুটীৰে আহি থকা অৱস্থাতে পিতা-পুত্ৰৰ ওপৰত বাগৰি পৰে মৰা শালগছ। ফলত কাৰ্তিক ৰাভা (৩০) নামৰ লোকজনৰ লগতে তেওঁৰ পুত্ৰ ভৃগু ৰাভাৰ (১১) থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, দুই পিতা-পুত্ৰৰ ঘৰ বৰদুৱাৰ বাগান অঞ্চলৰ অন্তৰ্গত শালসেৰ গাঁৱত। তেওঁলোকে সন্ধিয়াৰ ভাগত AS 25AB 1370 নম্বৰৰ এখন স্কুটীৰে চানডুবিৰ মুদুকী-ৰাজাপাৰা পথেৰে আহি আছিল। সেই সময়তে পথৰ কাষত থকা এডাল মৰা শালগছ তেওঁলোকৰ মূৰৰ ওপৰত বাগৰি পৰে। ফলত দুই পিতা-পুত্ৰই থিতাতে মৃত্যুক আঁকোৱালি লয়।
এই খবৰ বিয়পি পৰাৰ পাছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী, বন বিভাগৰ লোক, স্থানীয় লোক, গাঁও প্ৰধান উৎপল ৰাভা উপস্থিত হয়। পাছত দুই পিতা-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পলাশবাৰী আৰক্ষীয়ে থানালৈ লৈ আহে। অঞ্চলটোৰ লোকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ লোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে।