Share and Enjoy !

Shares

আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল ৷ তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল ৷ তেওঁৰ গীতত সমসাময়িক সমাজ, মানবতাবাদ, প্ৰেম, ৰাজনীতি, দুৰ্নীতি আদি সকলো বিষয় স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায় ৷ সুধাকণ্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে ৷

এটা যুগৰ শ্ৰষ্টা ড৹ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত ৷ তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা ৷ নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল ৷ ড৹ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল ৷

ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে ৷ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নিজৰ প্ৰতিভাৰ বলতে ১৫০০-তকৈও অধিক গান ৰচনা কৰি শ্ৰোতাৰ বিপুল সঁহাৰি লাভ কৰিছিল ৷ তেওঁৰ সংগীতে বয়স, সময়, স্থান আৰু জাতি-ধৰ্মৰো বাধা চেৰাই এক সৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিছিল ৷ সেয়ে অনেকে তেওঁক “গণশিল্পী”ৰ মৰ্য্যদাও দিছিল ৷

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি শিল্পীগৰাকীক স্মৰণ কৰা হয়। জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অনুষ্ঠানৰ।

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। ১০০গৰাকী শিল্পীয়ে পৰিবেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।

আজি কলাক্ষেত্ৰত স্থাপন হ’ব সুধাকণ্ঠৰ সংগ্ৰহালয়ৰ আধাৰশিলা। মুখ্যমন্ত্ৰীয়ে ভাৰ্ছুৱেলী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিব। সমন্বয় তীৰ্থত প্ৰদৰ্শন কৰিব সুধাকণ্ঠৰ জীৱনীভিত্তিক তথ্যচিত্ৰ।

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, ভূপেন হাজৰিকা সাংস্কৃতিক ন‍্যাসৰ উদ‍্যোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘তুলিকাত ভূপেনদা’ শীৰ্ষক চিত্ৰ অংকনৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

১৬গৰাকী জেষ্ঠ চিত্ৰশিল্পীয়ে অংকন কৰিব ড০ ভূপেন হাজৰিকাৰ চিত্ৰ। ভূপেন হাজৰিকা স্মৃতি সৌধৰ পৰা ভাৰ্ছুৱেলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিব কলাক্ষেত্ৰৰ ভূপেন হাজৰিকা মিউজিয়ামৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *