বজালী আৰক্ষীৰ বৃহৎ সফলতা।
বজালী DSP ভবাৰ্ণৱ নাথৰ নেতৃত্বত সৰুপেটা আৰক্ষীয়ে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত ৪ অভিযুক্ত আটক।
চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই ৪ জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
অভিযোগ অনুসৰি, বহি ৰাজ্যৰ অপৰাধী চক্ৰৰ সৈতে জড়িত হৈ বজালীৰ পৰাই এই চাইবাৰ জাল চলাই আছিল অভিযুক্তসকলে।
জানিব পৰা মতে, বহিঃৰাজ্যৰ বিভিন্ন লোকৰ পৰা প্ৰতাৰণাৰে সংগ্ৰহ কৰা ধন বজালী অঞ্চলৰ বিভিন্ন CSP (Customer Service Point)-ৰ জৰিয়তে উলিয়াই লৈছিল অপৰাধীসকলে।
এই ঘটনাৰ ফলত বিভিন্ন সময়ত একাধিক CSP গৰাকীৰ একাউণ্ট বন্ধ হৈ যোৱাত তেওঁলোকে বিষয়টো বজালী আৰক্ষীক অৱগত কৰে।
অভিযোগসমূহক গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি বজালী আৰক্ষীয়ে ইতিমধ্যে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
আটকাধীনসকলৰ ভিতৰত বিহাৰৰ দুজন আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ।আন দুজন বজালীৰ হকাৰটোপ গাঁৱৰ জিতুমণি ৰয় আৰু পুঠিমাৰী গাঁৱৰ ৰঞ্জন দাস।
বজালী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কেইজনৰ মোবাইলৰ পৰা বিভিন্ন মানুহৰ একাউণ্ট নম্বৰৰ লগতে বহু কেইখন ATM কাৰ্ড আৰু বিভিন্ন নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।
ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে বজালী আৰক্ষীয়ে।