আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে কেবিনেট বৈঠকৰ। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে
আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্তসমূহ।হ’ল
২১, ২২, ২৫, ২৬ মে’ত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব
বিজেপিৰ সংকল্প পত্ৰখনেই চৰকাৰ পৰিচালনাৰ আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে
২৬ মে’ত ইউনিফৰ্ম চিভিল ক’ড সদনত উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে
জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব
ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে সকলো ধৰণৰ ধৰ্মীয় ৰীতি-নীতি
ইউচিচিত চাৰিটা বিষয় আহিব- বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ, সম্পত্তিৰ অধিকাৰ, লিভ-ইন ৰিলেশ্যনশ্বীপ, বহুবিবাহ
কেবিনেটে ২ লাখ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ মুখ্য সচিবৰ অধীনত টাস্ক ফ’ৰ্চ গঠন কৰিছে
দুই লাখ চাকৰিত নিযুক্তিৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। মুখ্য সচিবৰ নেতৃত্বত গঠিত টাস্ক ফ’ৰ্চে অহা তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
মুখ্য সচিবে প্ৰতিটো বিভাগৰ সৈতে কথা পাতি অহা ৫ বছৰত কেনেকৈ ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিব পাৰে তাৰ বিষয়ে প্ৰতিবেদন দিব
ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ
৩২ কোটি টকা ব্যয় সাপেক্ষে কলাক্ষেত্ৰত ড০ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় স্থাপন কৰা হ’ব
সংগ্ৰহালয় নিৰ্মাণৰ ১৩ কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে আগবঢ়াব
আগন্তুক ৫ বছৰলৈ দেৱজিত শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে
নতুন মন্ত্ৰীসকলক অহা ৬ মাহলৈ নতুন গাড়ী দিয়া নহয়
কাইলৈৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা ৬ মাহলৈ মন্ত্ৰী, চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব
কেৱল চিকিৎসাজনিত কাৰণতহে বিদেশলৈ যাব পাৰিব
ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মন্ত্ৰী, প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰা হ’ব
২০২৫ৰ তুলনাত অসম চৰকাৰে ডিজেল আৰু পেট্ৰ’ল ক্ৰয়ত কম খৰচ কৰিব
অহা ৬ মাহ অসম চৰকাৰে বিদেশী সা-সামগ্ৰী ক্ৰয় নকৰে
যাতে বিদেশী মুদ্ৰা আমি সঞ্চয় কৰিব পাৰো
অহা ৬ মাহলৈ কেৱল ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তহে ছেমিনাৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰা হ’ব