Share and Enjoy !

Shares

চোৰাং সামগ্ৰীৰ বিৰুদ্ধে অভিযান কাছাৰ আৰক্ষীৰ।অভিযানত জব্দ বৃহৎ পৰিমাণৰ আফু গুটি।

গোপন তথ্যৰ‌ ভিত্তিত বাচকান্দি চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিপন নম:শুদ্ৰ আৰু শিলচৰ সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ টি এছ আই অচ্যুত কুমাৰ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বাচকান্দি এলেকাৰ আলগাপুৰৰ এটা গোডামত অভিযান চলাই জব্দ কৰে আফু গুটি খিনি।গোডামটোৰ পৰা ১৭০০ কেজি বাৰ্মিজ আফু গুটি জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া‌ অনুসৰি, বৈধ নথি-পত্ৰ অবিহনে গোডামটোত অবৈধভাৱে মজুত কৰি ৰখা হৈছিল আফু গুটি খিনি। জব্দ কৰা আফু গুটি খিনিৰ‌ মুল্য প্ৰায় ২০ লাখ টকা বুলি জানিব পৰা গৈছে।

অবৈধ আফু গুটি মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন ‌ব্যক্তিক‌ গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে।‌ এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি‌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।‌

Leave a Reply

Your email address will not be published. Required fields are marked *