মঙলবাৰে পুৱতিনিশা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বান।
প্ৰবল বৰষুণৰ ফলত সমগ্ৰ ডিফু চহৰকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া বহু অঞ্চল জলমগ্ন হৈ পৰে ফলত ব্যাহত হৈ পৰে স্বাভাৱিক জনজীৱন । পানীৰে উপচি পৰে বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিভিন্ন ৰাজহুৱা স্থান
বানৰ ফলত ডিফুৰ একাংশ নামঘৰতো পানী সোমাই বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি ডিফুৰ মহিলা তথা স্থানীয় ৰাইজে এয়া প্ৰকৃতিৰ এক ৰুদ্ৰৰূপ বুলি অভিহিত কৰিছে। বহু মহিলাই কয় যে তেওঁলোকে জীৱনত এনে ভয়াৱহ বান পূৰ্বে দেখা নাই।
ৰাইজৰ অভিযোগ অনুসৰি, ডিফু চহৰৰ নলা-নৰ্দমাত আৱৰ্জনা জমা হৈ পানী নিষ্কাশনৰ স্বাভাৱিক ব্যৱস্থা বাধাগ্ৰস্ত হৈ আহিছে। ইয়াৰ উপৰি পৰিকল্পনাহীন আৰু বে-আইনীভাৱে ডাঙৰ ডাঙৰ ঘৰ-বিল্ডিং নিৰ্মাণ কৰাৰ ফলতো পানী ওলাই যোৱাৰ পথ সংকুচিত হোৱা বুলি ৰাইজে অভিযোগ কৰে। ফলত সামান্য সময়ৰ মুষলধাৰ বৰষুণতে চহৰৰ বিভিন্ন অঞ্চলত পানী জমা হৈ বানপানীৰ সৃষ্টি হোৱাৰ পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি পাইছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।
ৰাইজে এনে পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে চহৰৰ নলা-নৰ্দমা আৰু পানী নিষ্কাশন ব্যৱস্থা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ তথা উন্নত কৰাৰ লগতে পানীৰ স্বাভাৱিক প্ৰবাহৰ পথত থকা বাধা আঁতৰোৱাৰ দাবী জনাইছে।