ধুবুৰীৰ গৌৰীপুৰৰ পানবাৰীত GST বিভাগৰ অভিযান। পানবাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ইটা ভৰ্তি ৩খনকৈ ট্ৰাক। কাৰ্যালয়ৰ পৰিবৰ্তে পানবাৰী পেট্ৰ’ল পাম্পত ট্ৰাক ৰখাই থোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
উল্লেখ্য যে, যোগীঘোপা আৰু লক্ষীপুৰৰ পৰা পশ্চিমবংগ অভিমুখে ইটা কঢ়িয়াই লৈ গৈ থকা অৱস্থাতে গৌৰীপুৰৰ পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত GST বিভাগৰ দলৰ অভিযান। অভিযানত দলটোৱে জব্দ কৰে ৩খনকৈ ট্ৰাক
জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ — AS-25-CC-8043, WB-59-D-0581 আৰু WB-57-E-9730 ।
অভিযানৰ পিছতে ট্ৰাক তিনিখন পানবাৰীস্থিত এখন পেট্ৰ’ল পাম্পত ৰখাই থৈ নথি-পত্ৰ পৰীক্ষাৰ বাবে লৈ যায় GST বিভাগৰ বিষয়াৰ দলটোৱে। বৰ্তমানৰ ডিজিটেল আৰু অনলাইন ব্যৱস্থাৰ দিনত নথি-পত্ৰ সত্যতা পৰীক্ষা কৰিবলৈ GST বিভাগক কিয় প্ৰয়োজন হৈছে ইমান সময় বুলিও প্ৰশ্ন উত্থাপন হৈছে।
ট্ৰাক চালকসকলৰ অভিযোগ অনুসৰি, কেৱল নথি-পত্ৰ পৰীক্ষাৰ নামতে প্ৰায় ২৪ ঘণ্টা সময় ধৰি ট্ৰাক কেইখন জব্দ কৰি ৰখা হ’ল। ইফালে, GST বিভাগৰ ধুবুৰী সংমণ্ডল ক্ষেত্ৰ বিষয়া তপন কলিতাই বিষয়টো সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।