পাথাৰকান্দিত ভয়ংকৰ ঘটনা।পাথাৰকান্দিৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা। ৰঙামাটি এলেকাৰ ভোটকেন্দ্ৰত EVM ভাঙি লণ্ডভণ্ড।
পাথাৰকান্দি সমষ্টিৰ ৰাঙামাটি এলেকাৰ ৫১৩ নম্বৰ ৰাঙামাটি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত হিংসাত্মক ঘটনা। কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহাৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ।
কাৰ্তিক সেনা সিনহাই ভোট কেন্দ্ৰত প্ৰৱেশ কৰি বিজেপিৰ এজেণ্টক আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাস্থলীত বিজেপি কৰ্মীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে স্থান এৰি পলায়ন কৰাৰ অভিযোগ কাৰ্তিক সেনা সিনহা
ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেসহ উপস্থিত আৰক্ষীৰ বিষয়া।
খবৰ অনুসৰি এই মুহূৰ্তত পুনৰ নতুন EVMৰ জৰিয়তে পুনৰ আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।