পদ্মশ্ৰী বঁটাপ্ৰাপক, সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ, অনুবাদক গীতা উপাধ্যায়ৰ দেহাৱসান।
সোমবাৰে নিশা ৯ বাজি ১০ মিনিটত দেহাৱসান ঘটে বিশিষ্ট সাহিত্যিকগৰাকীৰ। ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গীতা উপাধ্যায়ে। ভাৰতীয় গোর্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল গীতা উপাধ্যায়। দুবাৰকৈ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
উল্লেখ্য যে, ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত অসমৰ তেতিয়াৰ দৰং জিলাৰ (বৰ্তমানৰ বিশ্বনাথ জিলা) গাংমৌথানত জন্মগ্ৰহণ কৰিছিল গীতা উপাধ্যায়ে। সমাজসেৱা আৰু নেতৃত্বৰ বাবে পৰিচিত এক প্ৰতিষ্ঠিত পৰিয়ালৰ কন্যা গীতা উপাধ্যায়। গীতা উপাধ্যায়ে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ অসমৰ গোর্খা সমাজৰ ভিতৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল।
এই মহান সাহিত্যিকগৰাকীৰ দেহাৱসানৰ পাছত তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ সমবেত হয় শ শ গুণমুগ্ধ। শোণিতপুৰ জিলাৰ জিলা যুক্ত আনন্দ কুমাৰ দাসে বিদেহী আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়