পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন।মহানগৰীৰ নাৰেংগীৰ কমলাবাগানত সংঘটিত হৈছে এই ঘটনা।
ভূমিস্খলনৰ ফলত কথমপি ৰক্ষা পৰিল ৫জনীয়া এটি পৰিয়ালৰ। হঠাতে পাহাৰৰ ৰঙা মাটি খহি পৰাৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বিশ্বজিত নাথৰ বাসগৃহটো।
পাহাৰৰ মাটিৰ তলত পোতা গ’ল বাসগৃহটোৰ এটা সম্পূৰ্ণ কোঠা।
ইপিনে, বাসগৃহটোৰ দেৱাল সম্পূৰ্ণৰূপে ফাট মেলে ভূমিস্খলনটোৰ ফলত।
সম্প্ৰতি পাহাৰৰ ওপৰত থকা মনোজ দাসৰ বাসগৃহটোও বিপজ্জনক অৱস্থাত আছে। বৰ্তমানে দুয়োটা পৰিয়ালৰ লোকে এতিয়া নিৰাপদস্থানলৈ যোৱাৰ বাবে যো-জা চলাই আছে।