মহানগৰীৰ ভূতনাথত চাঞ্চল্যকৰ ঘটনা
এগৰাকী যুৱকৰ মৃত্যুক লৈ ৰহস্য
কিন্নৰ আক্ৰমণত যুৱকজনৰ মৃত্যুত হোৱাৰ অভিযোগ
মৃত যুৱকজনৰ নাম হৰেশ্বৰ ডেকা
দেওবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা
প্ৰথমে অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল যুৱকজনক
তাৰ পাছত GMCHত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক
কিন্তু মূৰ আৰু ডিঙিত যথেষ্ট আঘাত পোৱাৰ বাবে মৃত্যু হয় যুৱকজনৰ
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিজনক সোধা পোছাৰ বাবে আটক কৰিছে
ইফালে ঘটনাস্থলীৰ CCTV ফুটেজ পৰীক্ষা কৰি ভৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া