Share and Enjoy !

Shares

হাজো আৰক্ষীৰ বৃহৎ সফলতা। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত হাজো আৰক্ষীয়ে ২৬টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ অনুসৰি, গুৱাহাটী-দৌলাশাল পথৰ অভয়পুৰত হাজো আৰক্ষীৰ এটা দলে বিশেষ খবৰৰ আধাৰত সংগোপনে অভিযান চলাইছিল। অভিযানকালত পথটোৰে পাৰ হ’বলৈ চেষ্টা কৰা AS01RC1217 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে ৰখাই চলাই তালাচী। তালাচীত ট্ৰাকখনৰ ভিতৰত অবৈধভাৱে সৰবৰাহৰ বাবে আনি থোৱা মুঠ ২৬টা গৰু উদ্ধাৰ কৰে।

উল্লেখ্য যে, এই অবৈধ কাৰবাৰৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে বৰপেটা জিলাৰ সৰ্থেবাৰী নিবাসী ৩৮ বছৰীয়া সাদেক আলী নামৰ লোকজনক আটক কৰে। আৰক্ষীয়ে ঘটনা স্থানৰ পৰা ট্ৰাকখন জব্দ কৰাৰ লগতে উদ্ধাৰ হোৱা গৰুখিনি নিজৰ জিম্মাত লয়। এই গৰু সৰবৰাহ চক্ৰটোৰ মূল উৎস আৰু গন্তব্যস্থান সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ হাজো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *