হাতীগাঁও লখিমী নগৰত অগ্নিকাণ্ড।
লখিমী নগৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড।
ত্ৰিশক্তি নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত।
পুৱা শ্বাৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা।
প্ৰায় ১ কোটি টকাৰ সা সম্পত্তি জাহ যায় জুইত।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।