Share and Enjoy !

Shares

হোজাই জিলাৰ যমুনামুখৰ ডেকেৰুৱা গাঁৱত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক গুৰুতৰভাৱে আহত হয় আন এজন যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰবেগী বলেৰ’ পিকআপ বাহনখনে প্ৰত্যক্ষভাৱে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ডেকেৰুৱা গাঁৱৰ বাসিন্দা ছবিৰ আহমেদ নামৰ যুৱকজন থিতাতে নিহত হয়।

ইফালে, দুৰ্ঘটনাটোত বাহনখনত থকা আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত আহত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। একেদৰে স্থানীয় ৰাইজে দুৰ্ঘটনাটোৰ পাছতে গভীৰ শোক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *