Share and Enjoy !

Shares

​মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ এক সফল অভিযান।

মালিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা লগতে এজন লোকক আটক।

​স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত পাণ্ডু সংমণ্ডলৰ আবকাৰী পৰিদৰ্শক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আডিংগিৰীৰ মিঠা আমতল অঞ্চলত এই অতৰ্কিত অভিযান চলোৱা হয়।

অভিযানকাৰী দলটোৱে অঞ্চলটোৰ পৰা ৩০ বটল বিয়েৰ, ৯৮ বটল বিলাতী সুৰা (IMFL) আৰু ১২ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰে।

​এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এলেন বৰ’ (৪৫) নামৰ এজন ব্যক্তিক ইতিমধ্যে আবকাৰী বিভাগে আটক কৰিছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত বিভাগীয় তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *