নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত চুৰি মটৰচাইকেলসহ কুখ্যাত বাইক চোৰক আটক। ধৃত চোৰটোক ধিং গেটৰ সমীপত থকা ডিউ কেয়াৰ হাস্পতালৰ ওচৰৰ পৰা অভিযান চলাই আৰক্ষীৰ দলটোৱে হাতে-লোটে কৰায়ত্ত কৰে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, আটক কৰা চোৰটোৰ নাম ফাৰুক আহমেদ ওৰফে পিন্টু। অভিযানকাৰী আৰক্ষীৰ দলটোৱে পিন্টুৰ জিম্মাৰ পৰা এখন চুৰি মটৰচাইকেল জব্দ কৰে। জব্দ কৰা মটৰচাইকেলখনৰ পঞ্জীয়ন নম্বৰ AS-02-N-0668।
আনহাতে, ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ক্ষিপ্ৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীয়ে নতুন আইন ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ৩০৩(২) ধাৰাৰ অধীনত ০৬৫৫/২৬ নম্বৰত এক গোচৰ ৰুজু কৰিছে। ধৃত ফাৰুক আহমেদ ওৰফে পিন্টুক অধিক সোধ-পোছ অব্যাহত ৰখাৰ লগতে এই চুৰি কাণ্ডৰ সৈতে অন্য কোনো চক্ৰ জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে গভীৰ তদন্ত চলাই আছে