অব্যাহত আছে মৰিগাঁও আৰক্ষীৰ অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান।
মঙলবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান গৰুভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে দুগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি AS 01 TC 7052 নম্বৰৰ পঞ্জীয়নভুক্ত বাহনখনত অতি অস্বাস্থ্যকৰ আৰু অমানৱীয় পৰিৱেশত প্ৰায় ১০ টাকৈ গৰু কঢ়িয়াই নিয়া হৈছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চহৰখনৰ মাজমজিয়াৰ পৰাই বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
অভিযানৰ পাছতেই আৰক্ষীয়ে আটক কৰা দুই সৰবৰাহকাৰীৰ লগতে জব্দকৃত বাহন আৰু গৰুকেইটা মৰিগাঁও সদৰ থানালৈ লৈ যায়। বৰ্তমান ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।