শিলচৰ পৌৰনিগম নিৰ্বাচন ২০২৬ক কেন্দ্ৰ কৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে
মঙলবাৰে প্ৰকাশিত দলীয় বিজ্ঞপ্তিত শিলচৰ পৌৰনিগমৰ বিভিন্ন ৱাৰ্ডৰ বাবে মুঠ ৩৮ জন প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে
১ নং ৱাৰ্ড – বিশ্বজিৎ দাস
২ নং ৱাৰ্ড – সৌৰভ কান্তি নাথ
৩ নং ৱাৰ্ড – দোলী দাস
৪ নং ৱাৰ্ড – শিৱানী ৰাণী দাস
৫ নং ৱাৰ্ড – দীপক দাস
৬ নং ৱাৰ্ড – কাঞ্চন দেৱ
৭ নং ৱাৰ্ড – ৰাধা ৰাণী ৰবিদাস
৮ নং ৱাৰ্ড – মহীতোষ মণ্ডল
৯ নং ৱাৰ্ড – বিজেন্দ্ৰ প্ৰসাদ সিং
১০ নং ৱাৰ্ড – সন্ধ্যা দাস
১১ নং ৱাৰ্ড – অভিষেক চক্ৰৱৰ্তী
১২ নং ৱাৰ্ড – ৰাণু দাস
১৩ নং ৱাৰ্ড – প্ৰদ্যুৎ কুমাৰ পাল
১৪ নং ৱাৰ্ড – প্ৰতীক্ষা দেৱ
১৫ নং ৱাৰ্ড – পাপলি কৰ্মকাৰ
১৭ নং ৱাৰ্ড – আতাউৰ ৰহমান লস্কৰ
১৮ নং ৱাৰ্ড – জয় দাস
১৯ নং ৱাৰ্ড – অৰবিন্দু দাস
২০ নং ৱাৰ্ড – ভক্তি সেন তালুকদাৰ
প্ৰাৰ্থী তালিকা (২১–৪২)
২১ নং ৱাৰ্ড – সুমনা দাস
২২ নং ৱাৰ্ড – পৰমিতা চন্দা গুপ্ত
২৩ নং ৱাৰ্ড – চন্দ্ৰিমা দেৱ
২৭ নং ৱাৰ্ড – পুলক দাস
২৮ নং ৱাৰ্ড – অনুশ্ৰী দেৱ ভট্টাচাৰ্য
২৯ নং ৱাৰ্ড – ঋতুপৰ্ণা ভট্টাচাৰ্য
৩০ নং ৱাৰ্ড – লিপিকা ৰায়
৩১ নং ৱাৰ্ড – কুলদীপ নিহাল চৌধুৰী
৩২ নং ৱাৰ্ড – মৃণালিনী সিনহা
৩৩ নং ৱাৰ্ড – ৰাজশ্ৰী ৰায়
৩৪ নং ৱাৰ্ড – শতৰূপা দে
৩৫ নং ৱাৰ্ড – চাঁদৰাণী দাস ৰায়
৩৬ নং ৱাৰ্ড – সুষ্মিতা পুৰকায়স্থ
৩৭ নং ৱাৰ্ড – অমৰেন্দ্ৰ পাল
৩৮ নং ৱাৰ্ড – শংকৰ বসু
৩৯ নং ৱাৰ্ড – উত্তম গোয়ালা
৪০ নং ৱাৰ্ড – পান্তদীপ ৰায়
৪১ নং ৱাৰ্ড – দেবস্মিতা নাথ
৪২ নং ৱাৰ্ড – শক্তি গোয়ালা
(১৬, ২৪, ২৫ আৰু ২৬ নং—এই চাৰিটা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম এতিয়ালৈ ঘোষণা কৰা হোৱা নাই।)
বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশত এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয়।
দলীয় সাধাৰণ সম্পাদক অনুপ বৰ্মনৰ স্বাক্ষৰিত বিজ্ঞপ্তিযোগে প্ৰাৰ্থীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।
প্ৰকাশিত তালিকাত সংৰক্ষিত আৰু সাধাৰণ—দুয়ো ধৰণৰ ৱাৰ্ডৰ বাবে মহিলা আৰু পুৰুষ প্ৰাৰ্থীক মনোনয়ন দিয়া হৈছে।
বিজেপিৰ এই ৩৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতেই শিলচৰ পৌৰনিগম নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত নতুনকৈ চৰ্চা আৰম্ভ হৈছে।
আগন্তুক দিনত আন আন ৰাজনৈতিক দলসমূহেও তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ অভিযান অধিক গতি লাভ কৰিব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।
শিলচৰ পৌৰনিগম নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে ৰাজনৈতিক পৰিৱেশ। বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত এতিয়া সকলোৰে দৃষ্টি আন দলসমূহৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত।
উল্লেখ্য যে, ভোটগ্ৰহণ ৩ অক্টোবৰৰ পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব। কোনো কাৰণত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ’লে ৫ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।
নিৰ্বাচনৰ বাবে ১১ ছেপ্টেম্বৰ, ২০২৬ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ১৪ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। আনহাতে, ১৭ ছেপ্টেম্বৰ হ’ব প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন।
ইফালে, শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা আৰু সম্পূৰ্ণ ফলাফল প্ৰকাশ নোহোৱালৈকে চলিব ভোটগণনা।