Share and Enjoy !

Shares

বিজয়া দশমীৰ নিশা নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলত মৰ্মান্তিক দুৰ্ঘটনা। মটৰচাইকেলেৰে ঘৰলৈ উভতি থকা অৱস্থাত এটি বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন।

নিহত লোকজন সমৰজ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে। এই অকাল আৰু আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ দক্ষিণপাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

নিহত সমৰজ্যোতি শইকীয়া নগাঁৱৰ এখন জনপ্ৰিয় তথা অভিজাত বস্ত্ৰ বিপণীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। বিবাহিত যুৱকজনৰ ঘৰ দক্ষিণপাটৰ সত্ৰচুকত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বিজয়া দশমীৰ নিশা কৰ্তব্য সামৰি তেওঁ মটৰচাইকেলেৰে ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু পথত গৈ থকা অৱস্থাত হঠাৎ কোনো কাৰণত বাইকখন নিয়ন্ত্ৰণহীন হৈ পৰে আৰু পথৰ কাষত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ডভাৱে খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AS02 AK 9057 ।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে প্ৰচণ্ড জোৰে মৰা খুন্দাৰ ফলত যুৱকজন থিতাতে মৃত্যুমুখত পৰে। ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ লগে লগে ঘটনাস্থলীত উপস্থতি হয় আৰু আৰক্ষীক খবৰ দিয়ে।পিছত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *