বঙাইগাঁও জিলাৰ মাণিকপুৰৰ মানাহ নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন লোক।সন্ধানহীন লোকজন ১ নং নোৱাপাৰাৰ বাবুল ৰায়(৫০) বুলি জানিব পৰা গৈছে।
লোকজনৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আজি ১ নং নোৱাপাৰাৰ পুজে বালা ৰায় নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাত বৃদ্ধাজনৰ শেষকৃত্যৰ বাবে গাঁৱৰ আন আন মানুহৰ লগত বাবুল ৰায়েও ১ নং নোৱাপাৰাৰ শ্মশানলৈ গৈছিল। বৃদ্ধাগৰাকীৰ শেষকৃত্য চলি থকাৰ সময়তে দুপৰীয়া প্ৰায় ১:৩০ মান বজাত বাবুল ৰায়ে গা ধুবলৈ বুলি মানাহ নৈৰ পানীত নামি যায় যদিও পানীৰ পৰা উঠি আহিবলৈ অক্ষম হয় আৰু সন্ধানহীন হৈ পৰে।
পাছত গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ নিৰুদ্দিষ্ট বাবুল ৰায়ৰ সন্ধানত জোৰদাৰ উদ্ধাৰ অভিযান চলায় যদিও লোকজনৰ কোনো সন্ধান পোৱা নগ’ল। শেষত নিশাৰ অন্ধকাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান সামৰিবলৈ বাধ্য হয়।