মঙলবাৰে ফ্ৰান্সত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হাত মিলাই ৷
সুদীৰ্ঘ ১৬ মাহৰ পিছত প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে বৈঠকত মিলিত হয় মোদী আৰু ট্ৰাম্পে । সন্মিলনৰ দৃশ্যাৱলীত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক হাঁহি হাঁহি সম্ভাষণ জনোৱাৰ পূৰ্বে দুয়োগৰাকী নেতাই বিশ্বৰ আন আন নেতাৰ কাষত আসন গ্ৰহণ কৰা দেখা যায় ।
কিন্তু পূৰ্বৰ দৰে মোদী-ট্ৰাম্পৰ আলিংগন দেখা পোৱা নগ’ল । বুধবাৰে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক আৰু বিশ্বৰ গুৰুত্বপূৰ্ণ উন্নয়নৰ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ।
হোৱাইট হাউছৰ তথ্য মতে, বুধবাৰে স্থানীয় সময় অনুসৰি বিয়লি ২.৪৫ বজাত (ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.১৫ বজাত) প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পে বৈঠকত মিলিত হ’ব । স্থানীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰাৰ সম্ভাৱনা আছে । আঞ্চলিক নিৰাপত্তা গতিশীলতাক সলনি কৰা অপাৰেচন সেন্দূৰৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এয়া হ’ব প্ৰথম দ্বিপাক্ষিক আলোচনা ।
প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়ৰ ষ্টাৰমাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আয়োজন কৰা গালা ডিনাৰতো অংশগ্ৰহণ কৰিব মোদীয়ে ।
শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা জি-৭ ৰাষ্ট্ৰৰ নেতাসকল হ’ল ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কিয়ৰ ষ্টাৰমাৰ আৰু জাৰ্মানীৰ চেন্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ ।
সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ দেশৰ নেতা, অংশীদাৰ দেশ, বিশ্ব বেংক আৰু আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ প্ৰতিনিধিৰ সৈতে “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক শীৰ্ষ সন্মিলনৰ এক অধিবেশনত অংশগ্ৰহণ কৰাৰ কথা ।