Share and Enjoy !

Shares

চিকিৎসকৰ প্ৰেছক্রিপশ্যন অবিহনে ক্ৰয় কৰিব নোৱাৰিব কফ ছিৰাপ অন্যান্য ছিৰাপো ক্ৰয় কৰাৰ ক্ষেত্ৰত জাৰি অনুৰূপ নিৰ্দেশনা।দেশজুৰি কফ ছিৰাপৰ ক্ৰয়-বিক্ৰয় সম্পৰ্কে নতুন নিয়ম জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ।

এতিয়ালৈকে সাধাৰণ কাহ হ’লে ঔষধৰ দোকানৰ পৰা সহজেই কফ ছিৰাপ কিনিব পৰা গৈছিল আৰু ইয়াৰ বাবে কোনো চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনৰ প্ৰয়োজন নাছিল। কিন্তু নতুন নিয়ম অনুসৰি, এতিয়াৰ পৰা কোনো চিকিৎসালয় বা ঔষধৰ দোকানত চিকিৎসকৰ লিখিত প্ৰেছক্ৰিপশ্যন অবিহনে কফ ছিৰাপ নাপাব।

কফ ছিৰাপক লৈ স্বাস্থ্য মন্ত্ৰণালয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰণালয়ে এক চৰকাৰী অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত স্পষ্টকৈ কোৱা হৈছে যে, এতিয়াৰ পৰা প্ৰেছক্ৰিপশ্যন অবিহনে কফ ছিৰাপ বিক্ৰী বা ক্ৰয় কৰা সম্ভৱ নহ’ব।

এই সিদ্ধান্তৰ আঁৰত কেৱল ঔষধৰ অপব্যৱহাৰক লৈ থকা উদ্বেগেই নহয়, বিগত কেইবছৰমানত সংঘটিত কিছুমান গুৰুতৰ ঘটনাও অন্যতম কাৰণ বুলি ধৰা হৈছে। কফ ছিৰাপৰ পৰা দেশৰ বহু ঠাইত শিশুৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিলে জৰুৰী নিৰ্দেশনা।

Leave a Reply

Your email address will not be published. Required fields are marked *