Share and Enjoy !

Shares

চামগুৰিৰ ৰঙামাটিত চাঞ্চল্যকৰ ঘটনা। গণপ্ৰহাৰৰ ফলত মৃত্যু বিশাল চাওতাল নামৰ এজন যুৱকৰ।

প্ৰায় এবছৰ পূৰ্বে শালনা অঞ্চলত সংঘটিত মাতৃ-পুত্ৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল বিশাল চাওতাল। সেই ঘটনাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পিছত তেওঁ জামিনত মুকলি হৈছিল।

আজি পুৱাই এখন স্কুটিৰ তেল শেষ হোৱাত বিশাল চাওতালে স্কুটিখন ঠেলি আহি থকা অৱস্থাত একাংশ লোকে পূৰ্বৰ হত্যাকাণ্ডৰ অভিযুক্ত বুলি সন্দেহ কৰি তেওঁক ৰঙামাটি বজাৰৰ সমীপৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা এখন বাগানলৈ লৈ গৈ শাৰীৰিকভাৱে আক্ৰমণ কৰা হয় বুলি অভিযোগ উঠিছে। এই আক্ৰমণতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। বিশাল চাওতালে

উল্লেখযোগ্য যে, জামিনত মুকলি হোৱাৰ পিছৰে পৰা বিশাল চাওতালক লৈ সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈছিল। ইয়াৰ ফলত অঞ্চলটোত উদ্বেগ আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। স্থানীয় দল-সংগঠন আৰু সচেতন লোকে বিষয়টো সন্দৰ্ভত আৰক্ষীক একাধিকবাৰ অৱগত কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *