Share and Enjoy !

Shares

আজি সতী সাধিনী দিৱস। প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধিনীক স্মৰণ কৰি সমগ্ৰ অসমতে এই দিৱস পালন কৰা হয়।

বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতী সাধিনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধিনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।

শত্ৰুৰ বিৰুদ্ধে সাহসেৰে যুজিঁ এইগৰাকীয়ে মহান নাৰীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে দিয়ে আত্ম বলিদান। তেতিয়াৰে পৰা ৭ ব’হাগত সতী সাধিনীক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনাই আহিছে। দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধিনীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *