Share and Enjoy !

Shares

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল গণ প্ৰতিবাদী সমদল।

জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক উচিত ক্ষতিপূৰণ আদায় দিয়া, ভয়াৱহ বানৰ প্ৰকৃত কাৰণ জানিবলৈ উচিত তদন্ত কৰাৰ দাবীত উলিয়াই এই বিশাল সমদল।

শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ উলিয়াই প্ৰতিবাদী সমদল।

আটাছুৰ নেতৃত্বৰ লগতে সহস্ৰাধিক বানপীড়িত পৰিয়ালে ক্ষতিগ্ৰস্তক পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াক, বানপানীৰ নামত ৰাজনীতি বন্ধ কৰক, আটাছু জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰে ৰাজপথ।

বানপানীৰ নামত বিৰোধী ৰাজনৈতিক দল সমূহে কুটিল ৰাজনীতি কৰাৰো অভিযোগ আটাছুল সভাপতি বসন্ত গগৈৰ। অচিৰেই দাবী পূৰণ নকৰিলে দিছপুৰ ঘেৰাও কাৰ্যসূচী ল’ব বুলিও হুংকাৰ আটাছুৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *