পুনৰ গৰজি উঠিল আৰক্ষীৰ পিষ্টল। শিৱসাগৰৰ বিহুবৰত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
বিমান বৰুৱাৰ হত্যাৰ অভিযুক্তক এনকাউণ্টাৰ আৰক্ষীৰ। বিকি সিঙৰ সহযোগী ড্ৰাগছ মাফিয়া ৰুবুল খানলৈ আৰক্ষীৰ গুলীচালনা।
পুৱতিনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা।
আৰক্ষীৰ গুলীত ৰুবুল খানৰ সোঁভৰিত গুলী লাগে। লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৰুবুল খানক।
পিছত এএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
ইফালে, এনকাউণ্টাৰৰ পিছতে বিহুবৰৰ হত্যাত অভিযুক্ত ৰুবুল খানে দিছে বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। তেওঁ কয়, ‘‘বিমানক মাৰিম বুলিয়েই আমি দুটা আহিছিলোঁ। প্ৰথমে বিকি সিঙে বিমানক মাৰিছিল, তাৰ পাছত মই মাৰিছিলোঁ। সি মোক মাৰোতে বিকি সিঙক কৈছিলোঁ মোক মাৰাৰ কথা। মোৰ লগত বিমানৰ কোনো শত্ৰুতা নাছিল, বিকি সিঙৰ লগতহে কিবা শত্ৰুতা আছিল। মই বিকি সিঙৰ ঘৰত কাম কৰোঁ, সেয়ে বিকি সিঙৰ ওপৰত থকা খং মোৰ ওপৰত দেখুৱাইছিল।’’