Share and Enjoy !

Shares

শ্ৰীভূমি চহৰত অব্যাহত আছে চুৰৰ চাফাই অভিযান । এইবাৰ চহৰৰ উপকণ্ঠত অৱস্থিত চন্তৰ বজাৰত চুৰে চলালে চাফাই অভিযান। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ কি চহৰ কি নগৰ, সৰ্বত্ৰে চুৰৰ তিঘিলঘিলনী অব্যাহত।

সোমবাৰে নিশা চন্তৰ বজাৰ’ৰ বিশ্বৰাজ দে’ৰ গেলামাল’ৰ দোকানৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰীৰ লগতে নগদ ধন লুটি লৈ যায়। চুৰে কাষৰ মলয় সাহা নামৰ ব্যক্তিৰ দোকানৰ তলা ভাঙিবলৈ সক্ষম হৈছিল যদিও চুৰ কৰাৰ ক্ষেত্ৰত বিফল হয়। ইপিনে বিশ্বৰাজ দে’ৰ দোকানৰ পৰা গাখিৰৰ পেকেট, মিঠা তেলৰ বটল আদিকে ধৰি নগদ ধন লুটি লৈ যায় চুৰৰ দলে ।

আজি পুৱা দোকান খুলিবলৈ আহি চুৰিকাণ্ডৰ দৃশ্য প্ৰত্যক্ষ কৰি দোকানীয়ে খবৰ দিয়ে আৰক্ষী থানাত। খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

উল্লেখযোগ্য যে, নিশা গভীৰ হোৱাৰ লগে লগে চন্তৰ বজাৰৰ পৰিৱেশ সলনি হৈ পৰে । মদাহী আৰু জুৱাৰীৰ দলে দখল লয় বজাৰখন। গতিকে এই বিষয়ে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে চন্তৰ বজাৰ’ৰ ব্যৱসায়ী মহলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *