গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল পৱন খেড়াৰ।
অগ্রিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কংগ্রেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ।
উল্লেখ্য যে ৫ এপ্ৰিলত এক সংবাদমেলত খেড়াই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি আছে বুলি অভিযোগ আনিছিল । কিন্তু সেইবোৰৰ তথ্য ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্বাচনী শপতনামা দাখিল কৰিছিল তাত ঘোষণা কৰা হোৱা নাছিল । ইফালে এই অভিযোগক মিছা আৰু মনেসজা বুলি মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নীয়ে নাকচ কৰে ।কংগ্ৰেছ নেতা খেড়াই উত্থাপন কৰা সকলো অভিযোগ মিছা আখ্যাৰে অপৰাধ অনুসন্ধান শাখাত গোচৰ ৰুজো কৰিছিল মুখ্যমন্ত্ৰী পত্নী ৰিণিকিয়ে ৷
সেই গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ পৱন খেড়াক বিচাৰি থকাৰ সময়তে তেলেংগনা উচ্চ ন্যায়ালয়ে ১০ এপ্ৰিলত এসপ্তাহৰ ট্ৰেনজিট এণ্টিচিপেটৰী জামিন প্ৰদান কৰে ৷ যাৰ বাবে অসম চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ জামিন কৰিছিল নাকচ।