Share and Enjoy !

Shares

ৰাষ্ট্ৰীয় চেইলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন অসম কন্যা নিশামণি বৰাৰ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে আখ্যাত লাভ কৰা সৰুপথাৰৰ নগাজৰি দ’চুক গাঁৱৰ নিশামণি বৰাই গোৱাত অনুষ্ঠিত প্ৰতিযোগিতাত অৰ্জন কৰে এই পদক ।

নিশামণি বৰাই যোৱা ১৩–১৭ এপ্ৰিলত অনুষ্ঠিত হোৱা ছেইল গোৱা ২০২৬ -অল ইণ্ডিয়া নেচনেল ছেইলিং চেম্পিয়নশ্বিপত IQ Foil Windsurfing Women’s শাখাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । এনচিচিৰ যোগেদি প্ৰথম যাত্ৰা আৰম্ভ হৈছিল নিশামণিৰ ।

এনচিচিৰ কেম্পত উইণ্ড ছাৰ্ফিং খেলৰ এজন পৰ্যবেক্ষকে এই সম্পৰ্কে জানিবলৈ দিছিল ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *