পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তিৰ উৰুলিৰে মুখৰিত হ’ল নগাঁৱৰ বৰভেটি। বৰভেটিত ৯ যোৰা দৰা কইনাই হোমৰ অগ্নিক সাক্ষী কৰি পণ ল’লে জীৱনে মৰণে ইজনে সিজনৰ সৈতে একেলগে থকাৰ । সামূহিক বিয়াখন সোমবাৰেনগাঁৱৰ বৰভেটিত উলহ-মালহেৰে সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হৈ যায় ।
এক শৰণ ভাগৱতী সমাজ অসম, বৰভেটি বৰ নামঘৰ ৰাইজৰ উদ্যোগত সমূহীয়া বিবাহ। সামাজিক ৰীতি-নীতি অবিহনে সংসাৰৰ বান্ধোনত বান্ধ খাই থকা একাংশ যুৱক-যুৱতীক একত্ৰিত কৰি বৰভেটি বৰ নামঘৰৰ ৰাইজে ৰাজহুৱাকৈ পাতিলে সমূহীয়া বিবাহ।
৯ যোৰা দৰা-কইনাক আয়তীসকলে মাংগলিক ৰীতি-নীতিৰ মাজেৰে পাতিলে বিবাহ। ৯ যোৰা দৰা কইনাক আয়তি সকলে মাঙ্গলিক ৰীতি নীতিৰ মাজেৰে পানী তুলি মাহ হালধিৰে নোৱাই ধোৱাই ৰাইজক সাক্ষী কৰি বৈবাহিক জীৱনৰ আশীষ প্ৰদান কৰে।