Share and Enjoy !

Shares

উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত কিয়নো দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ ক্ষণ মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ইতিমধ্যে লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মাঁ কামাখ্যা ধাম কৰ্তৃপক্ষ

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। জানিব পৰা মতে, ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। অহা ২৬ জুনত অম্বুবাচীৰ নিবৃত্তি ঘটিব। তাৰ পিছতে দেৱীক স্নান কৰোৱাৰ পিছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব।

কামাখ‍্যা দেৱালয়ত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতিক লৈ বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে কামৰূপ মেট্ৰ’ৰ জিলা আয়ুক্ত আৰু যান-বাহন আৰক্ষীয়ে। সংবাদমেলযোগে আয়ুক্তগৰাকীয়ে জনাই যে,অম্বুবাচীত দুটা কেম্পৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। কামাখ‍্যা জংছনৰ পাছফালে এটা আৰু আনটো থাকিব পাণ্ডু প’ৰ্টত।

থকা-খোৱাৰ সকলো ব‍্যৱস্থা থাকিব কেম্প দুটাত। পাণ্ডু প’ৰ্টৰ পৰা কামাখ‍্যা জংচনলৈ থাকিব চৰকাৰী বাছৰ সুবিধা।

ভাণ্ডাৰাৰ বাবে বিশেষ খাদ্য পৰিদৰ্শকক থাকিব।

কেম্পৰ পৰা কেম্পলৈহে থাকিব বাছৰ সুবিধা। কেম্পৰ পৰা মন্দিৰলৈ নাথাকিব কোনো বাছৰ সুবিধা।

নাৰ্ছাৰীৰ পৰা মন্দিৰলৈ অহাৰ ব্যৱস্থা। চাৰিটাকৈ প্ৰশাসনৰ কণ্ট্ৰ’ল ৰূম থাকিব। PWD, APDCL, PHEৰ বিষয়া থাকিব কণ্ট্ৰ’ল ৰূমত। অম্বুবাচীত থাকিব ৭টাকৈ হেল্প ডেস্ক। প্ৰতিখন হেল্প ডেস্কত তিনিজনকৈ লোক থাকিব।

মন্দিৰৰ পৰা তললৈকে জল ব’ৰ্ডৰ পানীৰ পাইপ লগোৱা হৈছে। পথত ইচ্ছা অনুযায়ী ছটিয়াব পাৰিব পানী। সোণাৰাম ফিল্ডৰ পৰা ফেৰী কাৰৰ ব‍্যৱস্থা কৰা হৈছে। সোণাৰামৰ পৰা পাণ্ডু পথ হৈ আহিব পাৰিব। পুৱাৰ পৰা সন্ধিয়ালৈকে কোনো বাহন নাৰ্ছাৰী পথেৰে আহিব নোৱাৰিব। ভৰলুৰ পৰা অহা বাহনে বিশ্বকৰ্মা মন্দিৰত নমাব লাগিব।

আদাবাৰী বাছ আস্থান, ঈদগাহ ময়দানত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। বৰিপাৰা খেলপথাৰ, ITA মাছখোৱা, ASTC মাছখোৱাত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। স্থানীয় লোকক নীলাচলৰ তলৰ চাৰ্ভিচ ৰোডেৰে অহা-যোৱা কৰিব। VIP VVIPৰ বাবে নাথাকিব কোনো ব্যৱস্থা। নৰবলিৰ নিচিনা ঘটনা নহ’বলৈ সাধু-সন্ন্যাসীৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰখা হ’ব। তেনে লোকক পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ১০ লাখ ভক্তৰ সমাগমৰ লক্ষ্য লৈছে আৰক্ষীয়ে

 

Leave a Reply

Your email address will not be published. Required fields are marked *