আৰক্ষীৰ ধাৰাবাহিক অভিযান আৰু গ্ৰেপ্তাৰৰ পিছতো বিহালীত গো-ধন সৰবৰাহ বন্ধ হোৱা নাই।
পুনৰ বিহালীত আজি বৰগাং আৰক্ষীয়ে অভিযান চলাই।অভিযানত ৫৯ টা গৰুসহ এখন কণ্টেইনাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত চেণ্টাৰ সমীপত আৰক্ষীয়ে নাকা চেকিং চলাই আছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে AS 26AC 0884 নম্বৰৰ ১০ চকীয়া কণ্টেইনাৰ বাহনখন ৰখাই তালাচী চলায়।
তালাচীৰ সময়ত বাহনখনৰ ভিতৰত অতি অমানৱীয়ভাৱে, যন্ত্ৰণাদায়ক অৱস্থাত কঢ়িয়াই অনা ৫৯টা গৰু উদ্ধাৰ হয়। আৰক্ষীৰ জেৰাত চালকজনে স্বীকাৰ কৰে যে গৰুবোৰ গোগামুখৰ পৰা নগাঁও অভিমুখে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। লগতে গৰু সৰবৰাহৰ কোনো বৈধ কাগজ-পত্ৰ তেওঁৰ লগত নাই বুলিও চালকজনে জনায়।
ইয়াৰ পাছতে, আৰক্ষীয়ে বাহনখনৰ লগতে গৰুখিনি জব্দ কৰি বিহালী থানালৈ লৈ যায়। এই চক্ৰৰ সৈতে জড়িত আন লোকসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।