Share and Enjoy !

Shares

গণেশগুৰি উৰণসেতুৰ খুঁটাত অংকন কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ মচি পেলোৱা হ’ল।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া

১৭ জুন ২০২৬ৰ বুধবাৰে গুৱাহাটী উন্নয়নৰ দোহাই দি জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱাক লৈ ৰাজ্যজুৰি ধিক্কাৰ দিছে একাংশই। একেদৰে দুখ প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ একাংশ অনুৰাগীয়ে। আনহাতে এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

তেওঁ সামাজিক মাধ্যমযোগে লিখিছে এনেদৰে- জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য্য ৰূপ দিছিল নে ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে ?

মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰেই মচি পেলাব ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই ।আপোনালোকে ভাবিছে.. আপোনালোকে কৰিছে । আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ । আপোনালোকে হয়তো ক’ব.. অহেতুক আৱেগ। কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ । তেওঁ অমৰ,, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে । চিৰদিন থাকি

Leave a Reply

Your email address will not be published. Required fields are marked *