Share and Enjoy !

Shares

জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ’ৰ পৰা হেৰাল জুবিনৰ মৰমৰ কুকুৰ ইক’। ইতিমধ্যে ষ্টুডিঅ’ত থকা দুগৰাকী ব্যক্তিয়ে মৰমৰ কুকুৰটোৰ বিচাৰ- খোচাৰ কৰিছে যদিও এতিয়ালৈকে বিচাৰি পোৱা নাই। যাৰ বাবে চিন্তিত হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ।

আজি পুৱা এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে, ‘‘আমাৰ ইক’ (Echo) হেৰাইছে। আজি ৰাতিপুৱা ৫ বজালৈকে তাৰ থকা ঠাই জোনালীৰ ষ্টুডিঅ’তে বাকী কেইটাৰ লগত খেলি আছিল। সিহঁতৰ তত্ত্বাবধানৰ দায়িত্বত থকা অমৃত আৰু মনোজে ৰাতিপুৱা দেখিছে। ৭ বজাত শুই উঠি দেখে বাকীকেইটাৰ লগত ইক’ নাই। কাষৰ এখন সীমাৰ দেৱাল অলপ চাপৰ। সি সেইফালে পাৰ হ’বলৈ শিকিছে। সেইফালেই ওলাই হয়তো ৰাষ্টা পালেগৈ আৰু বাট হেৰুৱালে অথবা কোনোবাই লৈ গৈছে। যদি কোনোবাই কিবা খবৰ পায় বা কৰবাত দেখে অনুগ্ৰহ কৰি আমাক খবৰ দিবচোন! আপোনালোকক কাতৰভাবে অনুৰোধ জনাইছোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *