Share and Enjoy !

Shares

বিহু অনুষ্ঠানত চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৰাকেশ শৰ্মাৰ মৃত্যু।গুৱাহাটীৰ GNRC হস্পিতালত চিকিৎসাধীন হৈ থকা থকা অৱস্থাত মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ৰাকেশ শৰ্মাই।

উল্লেখ্য যে দেওবাৰে নিশা জামুগুৰিহাটৰ ৰামপুৰ হাটিঙাত বিহু অনুষ্ঠান চলি থকাৰ মাজতে ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মণ নামৰ যুৱকজনৰ চোকা অস্ত্ৰৰ আক্ৰমণত ৰঙাচকুৱাৰ লীলা বৰুৱা নামৰ যুৱকজন নিহত হোৱাৰ লগতে লীলা বৰুৱাক বচাবলৈ যোৱা সতীৰ্থ ৰাকেশ শৰ্মাও চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল৷

পৰৱৰ্তী সময়ত ৰাকেশ শৰ্মাক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা ৰাকেশ শৰ্মাৰো মৃত্যু হয় ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *