মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমটো দিন। প্ৰথমটো দিনতে পুৱাই ড° শৰ্মাই গোপীনাথ বৰদলৈক স্মৰণ কৰে। গোপীনাথ বৰদলৈৰ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এইবাৰ কামে কথা ক’ব, কথাৰে নহয়। অৰ্থাৎ কথা কম ক’ব, কাম বেছি কৰিব।
আজি নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। এই বৈঠকতো অসমৰ উন্নয়নৰ হকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো দিনতে কয় যে ২১ মে’ৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ অধিৱেশন। লগতে ২১ মে’ত নৱনিৰ্বাচিত বিধায়কসকলে শপত ল’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নতুন চৰকাৰৰ প্ৰথমটো দিনত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হিমন্ত বিশ্ব শৰ্মাই কয়, ২১ মে’ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পিছত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব।