যোৰহাটৰ চাৰিলেণ্ডযুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই বাইক আৰোহী।
যোৰহাটৰ আঠমাইলত দেৰগাঁৱৰ পৰা আহি থকা দুজন যুৱকে আঠমাইলত পাৰ হ’বলৈ ৰৈ থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় দুই বাইক আৰোহীক।
দুৰ্ঘটনা সংঘটিত কৰিয়েই যোৰহাট অভিমুখে ভুল দিশেৰে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে।
ঘটনাস্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ দুই বাইক আৰোহীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা কিছু দূৰত ডাম্পাৰখন ৰখাই থৈ চালকজনে পলায়ন কৰে।
বৰ্তমানলৈকে বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা নাই যদিও তেওঁলোকৰ ঘৰ নেঘেৰিটিঙত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C1731। আনহাতে দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS05U9367।
চাৰিলেণ্ডযুক্ত পথত এই ডাম্পাৰ চালকসমূহৰ দৌৰাত্ম্যৰ বাবেই সঘনে পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ লৈছে!