Share and Enjoy !

Shares

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক।

কৰ্মৰ সন্ধানত বেংগালুৰু গৈ সন্ধানহীন শ্ৰীভূমিৰ যুৱক জিলাখনৰ আদৰকোনা গাঁৱৰ বাসিন্দা অনঘ চুতীয়া (২৮) নামৰ যুৱকজন বিগত ৪ জুনৰ পৰা সন্ধানহীন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

জানিব পৰা মতে, অনঘ চুতীয়া দীৰ্ঘদিন ধৰি বেংগালুৰু কৰ্মৰত আছিল। কিন্তু ৪ জুনৰ পিছৰে পৰা তেওঁৰ সৈতে পৰিয়ালৰ কোনো ধৰণৰ যোগাযোগ স্থাপন হোৱা নাই। ফোনযোগেও যোগাযোগ কৰিব নোৱাৰাত পৰিয়ালৰ সদস্যসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, অনঘ চুতীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী । তেওঁৰ সন্ধানহীন হোৱাৰ ঘটনাই বৃদ্ধ পিতৃ-মাতৃৰ লগতে সমগ্ৰ পৰিয়ালক মানসিকভাৱে জুৰুলা কৰি তুলিছে। পুত্ৰৰ কোনো খবৰ নোপোৱাত পিতৃ-মাতৃ কান্দোনত ভাগি পৰা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত বেংগালুৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত তেওঁৰ কোনো সন্ধান লাভ কৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও যুৱকজনৰ অৱস্থান সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই।

কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ বিষয়ে তথ্য লাভ কৰিলে ৬০০২৭৫৭৬৩৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *