Share and Enjoy !

Shares

বিশ্বনাথ চাৰিআলিত চিলনী চোৰৰ সন্ত্ৰাস। দিন দুপৰতে ৮৫ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই।  সমগ্ৰ ঘটনাৰ দৃশ্য CCTV ত বন্দী

প্ৰাপ্ত তথ্য মতে, আজি পুৱাৰ ভাগত সুমিত্ৰা বৰা নামৰ ৮৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে নিজৰ ঘৰৰ সন্মুখত খোজ কাঢ়ি থকা অৱস্থাত এখন বগা ৰঙৰ মটৰচাইকেলত দুজন যুৱক উপস্থিত হয়। তেওঁলোকে বৃদ্ধা গৰাকীৰ ডিঙিৰ পৰা বলপূৰ্বকভাৱে সোণৰ চেইন থপিয়াই লৈ ঘটনাস্থলীৰ পৰা উধাও হয়।

ঘটনাৰ পাছতে ভুক্তভোগী পৰিয়ালে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

বিশ্বনাথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ CCTV ফুটেজ সংগ্ৰহ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ইফালে দিন-দুপৰতে সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ নগৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *