Share and Enjoy !

Shares

নিশা মহানগৰীৰ হাতীগাঁৱৰ লখিমীপথত উত্তপ্ত পৰিস্থিতি।

লখিমীপথৰ অনৈতিক কাৰ্য, মাৰপিটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

মঙলাবৰে মাজনিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পৰিস্থিতি চম্ভালিবলৈ ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও, দিছপুৰ আৰক্ষী।

লখিমীপথত অৱস্থিত এখন ঘৰত অনৈতিক কাৰ্য চলাৰ অভিযোগ স্থানীয় ৰাইজৰ। তৰণী নাথ নামৰ ব্যক্তিগৰাকীৰ ঘৰত অনৈতিক কাৰ্য চলাৰ অভিযোগ উত্থাপন ৰাইজৰ।

অভিযোগ অনুসৰি, বিভিন্ন যুৱতী-পুৰুষৰ সঘন আহ-যাহ চলে ঘৰখনলৈ। ড্ৰাগছ, ভাঙৰ ঘাটিলৈ পৰ্যবশিত হয় ঘৰখন।

ইফালে মঙলবাৰে ঘৰখনত থকা এজন যুৱকে স্থানীয় এজন ব্যক্তিক মাৰধৰ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকে নিশা ঘেৰাও কৰে উক্ত বাসগৃহটো।

ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে তিনি যুৱতীসহ দুজন যুৱকক আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *