TMCত এটাৰ পাছত আন এটা আঘাত
তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ
সুখেন্দু শেখৰ ৰায়ৰ পাছত এসপ্তাহৰ ভিতৰত পদত্যাগ কৰা তেওঁ হ’ল দ্বিতীয়গৰাকী সাংসদ
আজি সুস্মিতা দেৱে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিব আৰু দুপৰীয়া ১ বজাত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিব
পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাৰ পাছতেই নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ সুস্মিতা দেৱৰ
ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিয়েই অসমৰ মুখ্যমন্ত্ৰীক সুস্মিতা দেৱে সাক্ষাৎ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে
শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সুস্মিতা দেৱৰ