মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত তিৱা জনগোষ্ঠীৰ দল সংগঠনৰ অৱস্থান ধৰ্মঘট।
সদৌ তিৱা ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদ,বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতি আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, অসমৰ উদ্যোগত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন।
তিৱা স্বায়ত্ত শাসিত পৰিষদ আৰু ৰাভা হাছও স্বায়ত্ত শাসিত পৰিষদত স্থায়ীভাবে চেটেলাইট টাউনশ্বীপ প্রকল্প বাতিল কৰা, বৃহৎ নদীবান্ধ, পাম্প ষ্ট’ৰেজকে আদি কৰি যিকোনো তথাকথিত উন্নয়নৰ নামত জনজাতীয়-খাটিখোৱা মানুহৰ ভূমি হস্তগত কৰা বন্ধ কৰা আদিৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
ধৰ্মঘট কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰাক্তন বিৰোধী দলপতি তথা প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ, নেত্ৰী কোংকি চৌধুৰী উপস্থিত থাকে।।