এতিয়াৰে পৰা ৫ কেজিৰ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন।
ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাই স্কুলৰ বাবে এই নিৰ্দেশনা জাৰি।
নিয়ম ভংগ কৰিলে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও নিৰ্দেশনাত উল্লেখ।
নিৰ্দেশনা অনুসৰি, প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বোচ্চ ওজন হ’ব লাগিব ১.৫ কেজি।
তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বোচ্চ ওজন হ’ব লাগিব ২-৩ কেজি।
ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বোচ্চ ওজন হ’ব লাগিব ৪ কেজি।
অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ স্কুল বেগৰ সৰ্বোচ্চ ওজন হ’ব লাগিব ৪.৫ কেজি।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুল সৰ্বোচ্চ ওজন ৫ কেজি।
শিৱসাগৰ জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে।
নিৰ্দেশনা।দিলে জিলাখনৰ আই এছ ড০ সমীৰণ বৰাই।