মৰিগাঁও নগাঁও সীমামূৰীয়া ৰহাৰ সমীপৱৰ্তী বাৰপূজীয়াৰ সৰালি গাঁৱত ভয়ংকৰ দুৰ্ঘটনা। গাঁৱখনৰ বাসিন্দা হেমন্ত বৰদলৈ নামৰ এজন ব্যক্তিৰ ঘৰত নতুনকৈ নিৰ্মাণ কৰি থকা পকী ঘৰৰ ওপৰৰ এটা অংশ হঠাৎ খহি পৰাৰ ফলত মৃত্যুক সাৱতি লয় এগৰাকীয়ে ৰাজমিস্ত্ৰীজন এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।আন এগৰাকী মিস্ত্ৰী
প্ৰাপ্ত তথ্য অনুসৰি, হেমন্ত বৰদলৈৰ গৃহত নতুন পকী ঘৰ নিৰ্মাণৰ কাম চলি আছিল। সোমবাৰে কাম কৰি থকা অৱস্থাতে ঘৰটোৰ ওপৰৰ অংশৰ এটা পকী গাঁথনি হঠাতে ভাঙি পৰে। তাত কাম কৰি থকা মিস্ত্ৰী দুজনক খহি পৰা ইটা আৰু চিমেণ্টৰ অৱশিষ্টই হেঁচা মাৰি ধৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোক উধাতু খাই আহে আৰু জাবৰ-জোঁথৰৰ তলৰ পৰা মিস্ত্ৰী দুজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। আহত ৰাজমিস্ত্ৰী দুজনৰ ঘৰ কপাহেৰাৰ ঘুমতি গাঁৱত বুলি জানিব পৰা গৈছে।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱ বৰদলৈ নামৰ সহায়কাৰী শ্ৰমিক গৰাকীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়