বজালীৰ পাঠশালাত ভয়ংকৰ ডকাইটিৰ ঘটনা।
ছয়চকীয়া বাহন আগচি ধৰি চালকৰ পৰা ছাবি আৰু মোবাইল লুটি নিলে দুৰ্বৃত্তই।
বুধবাৰে সন্ধিয়া সময়ত চেইন চুৰি আৰু বিভিন্ন চুৰি-ডকাইটিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ পাঠশালা উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা ডকাইটিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, HR47 HS 241 নম্বৰৰ এখন ছয় চকীয়া বাহন পাঠশালা উৰণীয়া সেতুৰ তলেদি অতিক্ৰম কৰি থকা অৱস্থাত অচিনাক্ত কেইবাজনো যুৱকে বাহনখনৰ বাট আগচি ধৰে।
দুৰ্বৃত্তই দলটোৱে চালকৰ পৰা ধন বিচাৰিছিল যদিও ধন নোপোৱাত বাহনখনৰ ছাবি আৰু মোবাইল ফোন কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবে বিভিন্ন দিশত অনুসন্ধান চলাই আছে।
ঘটনাস্থলীৰ আশে-পাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে
উল্লেখযোগ্য যে, যোৱা কেইদিনমানৰ ভিতৰত পাঠশালা অঞ্চলত চুৰি, চেইন আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাক লৈ স্থানীয় বাসিন্দাসকল উদ্বিগ্ন হৈ পৰিছে।
বিশেষকৈ চেইন চুৰি ঘটনাৰ তদন্ত চলি থকাৰ মাজতে পুনৰ এই ডকাইটিৰ ঘটনাই আইন-শৃংখলা ব্যৱস্থাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে।
স্থানীয় সচেতন মহলৰ মতে, একেৰাহে সংঘটিত হৈ থকা এই ধৰণৰ ঘটনাই যেন পাঠশালা আৰক্ষীক চেলেঞ্জ কৰিছে।
দুষ্কৃতিকাৰীসকল কিমানখিনি সাহসী হৈ পৰিছে সেয়া এই ঘটনাই স্পষ্ট কৰি তুলিছে।