কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ।বিদ্যালয়ৰ ইউনিফৰ্মক লৈ বিশেষ নিৰ্দেশনা।
ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ বিশেষ নিৰ্দেশনা কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ।
উৎকট গৰমৰ বাবে এই নিৰ্দেশনা জাৰি।
নিৰ্দেশনা অনুসৰি, বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্জিত পোছাক। গৰমত নিজৰ সুবিধাজনক পিন্ধিয়ে ছাত্ৰ-ছাত্ৰীসকলে আহিব পাৰিব বিদ্যালয়লৈ।
বিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্মৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব সুবিধাজনক পোছাক। যাতে তেওঁলোকে গৰমত অস্বস্তি অনুভৱ নকৰে।
অভিভাৱকে বিচৰা ধৰণে পোছাকৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ আহ্বান বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ। অৰ্থাৎ ইউনিফৰ্ম নিপিন্ধাকৈও ছাত্ৰ-ছাত্ৰীয়ে যাব পাৰিব বিদ্যালয়লৈ।
কামৰূপ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে নিৰ্দেশনা।