ব্ৰহ্মপুত্ৰ নদীৰ গোৱালপাৰা-যোগীঘোপা ঘাটৰ সমীপত মৃতদেহ উদ্ধাৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা মিৰ্জা নিৱাসী ড০ যোগেন্দ্ৰ কুমাৰ দাস (৬৮)-ৰ
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দক্ষিণ কামৰূপত চাঞ্চল্য
জানিব পৰা মতে, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দাস যোৱা ১২ জুলাইৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল। তেওঁৰ সন্ধানত পৰিয়ালৰ লোকে বিভিন্ন স্থানত ব্যাপক বিচাৰ-খোচাৰ চলাইছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল। অৱশেষত সোমবাৰে বিয়লিৰ ভাগত গোৱালপাৰা জিলাৰ যোগীঘোপা ঘাটৰ ওচৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
ইফালে, ঘটনাৰ তদন্ত চলাই থকা আৰক্ষীয়ে ইতিমধ্যে পলাশবাৰী ঘাটৰ পৰা ড০ দাসে পিন্ধি যোৱা চেণ্ডেলসহ কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰিছে। অৱশ্যে এই ঘটনাৰ আঁৰত আত্মহত্যা নে আন কোনো কাৰণ জড়িত আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।